অসমৰ সংবাদ কৰ্মী সকলৰ বাবে এককালীন সাহায্য প্ৰদান আঁচনি

এই আঁচনিখনে কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নথকা সংবাদ কৰ্মীক ৫০,০০০ টকাকৈ এককালীন বিত্তীয় অনুদান প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল সংবাদ কৰ্মীয়ে বিগত ১২ মাহৰ ভিতৰত চৰকাৰী আঁচনি সন্দৰ্ভত ৩ টা সফল বাতৰি প্ৰকাশ বা সম্প্ৰচাৰ কৰিছে তেওঁলোকক এই অনুদান প্ৰদান কৰা হ'ব।

‌চৰকাৰী নিৰ্দেশনা অনুযায়ী প্ৰত্যেকজন সাংবাদিকক বছৰি ৫০,০০০ টকাৰ সাহায্য দিব। নিৰ্ভীক, নিৰপেক্ষ, সত্যনিষ্ঠ আৰু অৰাজনৈতিক বাতৰি পৰিবেশন কৰিবলৈ উৎসাহ জনোৱাই হৈছে এই আঁচনিখনৰ মুখ্য উদ্দেশ্য।