২০২০ চনৰ আপোনাৰ আপোন ঘৰ আৱাস ঋণ ৰাজসাহায্য আঁচনিৰ বাবে ৰাজ্য চৰকাৰে অনলাইন আবেদন বিচাৰি আছে। এই আঁচনিখনৰ অধীনত চৰকাৰে ৪০ লাখ টকাৰ আৱাস ঋণত ২.৫ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব। যিসকল লোকে প্ৰথম ঘৰ ক্ৰয় কৰিব আৰু পূৰ্বৱৰ্ত্তী আপোন ঘৰ আঁচনিৰ অধীনত আৱাস ঋণ লাভ কৰা নাছিল তেওঁলোকৰ বাবে এই আঁচনি উপলব্ধ হ'ব। ৰাজসাহায্যৰ পৰিমাণ আৰু সম্পূৰ্ণ বিষয় সন্দৰ্ভত নিৰীক্ষণ কৰি পঞ্জীয়ন বা আবেদন পত্ৰ পূৰণৰ দ্বাৰা জনসাধাৰণে আঁচনিখনৰ বাবে আবেদন জনাব পাৰে।

আপোনাৰ আপোন ঘৰ আৱাস ঋণ ৰাজসাহায্য আঁচনিৰ অধীনত সকলো হিতাধিকাৰীয়ে ৰাজসাহায্য সুতৰ হাৰত ঋণ লাভ কৰিব। এই আঁচনিখন পূৰ্বৰ অৰ্থাৎ ২০১৬-১৭ বিত্তীয় বৰ্ষৰ আপোন ঘৰ আৱাস ঋণৰ সম্প্ৰসাৰিত ৰূপ। আপোন ঘৰ আৱাস ঋণৰ অধীনত ৰাজ্য চৰকাৰে ২০ বছৰৰ বাবে গ্ৰহণ কৰা ১৫ লাখ টকাৰ আৱাস ঋণত চৰকাৰী কৰ্মচাৰীক ৩.৫% সুদৰ হাৰত ৰাজসাহায্য প্ৰদান কৰিছিল।

২০২২ চনৰ ভিতৰত " সকলোৰে বাবে আৱাস" এই দৃষ্টিভংগীক সকাৰত্মক ৰূপ দি সকলো শ্ৰেণীৰ লোকৰেই নিজাববীয়াকৈ একোটা ঘৰ হ'ব, এয়াই হ'ল আপোনাৰ আপোন ঘৰ আৱাস ঋণ ৰাজসাহায্য আঁচনিৰ প্ৰধান উদ্দেশ্য।

আবেদনকাৰীয়ে আৱাস ঋণ লাভ কৰিবলৈ সকলোবোৰ আৱশ্যকীয় বিৱৰণ সঠিকভাবে অন্তৰ্ভুক্ত কৰাৰ লগতে অন্যান্য সহায়ক নথিপত্ৰ যেনে, পেন কাৰ্ড, ঋণৰ প্ৰমাণ আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ আদি আপলোড কৰি, আবেদনপ্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ 'চেভ' বাটনটি ক্লিক কৰিব পাৰে। এই আঁচনিখন অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা প্ৰচলিত ।

Loan / আপোনাৰ আপোন ঘৰ আঁচনিৰ ৰাজসাহায্য বা ঋণৰ পৰিমাণ তলত উল্লেখ কৰা হ'ল

The loan amount and the subsidy on it which can be availed under Assam Aponar Apon Ghar Scheme is given in the table below:-

ঋণৰ পৰিমাণ                                                                ৰাজসাহায্যৰ পৰিমাণ

৫ লাখ টকাৰ পৰা ১০ লাখ টকালৈ                                                   ১ লাখ টকা

১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ                                          . ১.৫ লাখ টকা

২০ লাখ টকাৰ পৰা ৩০ লাখ টকালৈ                                          ২ লাখ টকা

৩০ লাখ টকাৰ পৰা ৪০ লাখ টকালৈ                                          ২.৫ লাখ টকা

ৰাজসাহায্য পৰিমাণৰ বিতৰণ পদ্ধতি প্ৰত্যক্ষ লাভালাভ স্থানান্তৰণৰ (DBT) মাধ্যমেৰে ঋণ গ্ৰহণকাৰীৰ বেংক একাউন্টত পোনপটীয়াভাবে জমা হ'ব।

আপোনাৰ আপোন ঘৰ আঁচনিৰ যোগত্যাৰ মাপকাঠী

আপোনাৰ আপোন ঘৰ আঁচনি, ২০২০ ৰ বাবে আবেদনকাৰীৰ নিম্নোক্ত যোগত্যাসমূহ থকাটো বাঞ্চনীয়

  • ১. আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হোৱাটো প্ৰয়োজনীয়
  • ২. আবেদনকাৰীয়ে ৰাজ্যস্থিত যিকোনো অনুসূচীত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক বা অসম সমবায় এপেক্স বেংকৰ পৰা আৱাস ঋণ লোৱা উচিত
  • ৩. আবেদনকাৰীৰ পৰিয়ালৰ সৰ্বমুঠ আয় ২০ লাখতকৈ আধিক হ'ব নোৱাৰিব
  • ৪. আবাস ঋণ ৫ লাখ টকাত কৈ অধিক হ'ব লাগিব
  • ৫. যিসকল হিতাধিকাৰীয়ে ইতিমধ্যে আপোন ঘৰ আঁচনিৰ অধীনত লাভাম্বিত হৈছে তেওঁলোক উল্লেখিত আঁচনিৰ ভিতৰত অযোগ্য বুলি বিবেচনা কৰা হয়
  • ৬. ঋণ একাউন্ট এন.পি.এ(Non-Performing Assets) স্থিতিৰ অধীনস্ত হ'ব নোৱাৰিব
  • ৭. হিতাধীকাৰীৰ দ্বাৰা আৱাসৰ বাবে গ্ৰহণ কৰিবলগীয়া ঋণ প্ৰথম ঋণ হিচাপে বিবেচিত হোৱাটো বাঞ্চণীয়
Check If The Upload Is Disable Friendly?
Off
Share permission
Off
Scheme Cover Image
Aponar Apon Ghar Home Loan Subsidy Scheme
Scheme of the Month
No
Valid Thru
-
Notify latest update
Off
Departments/Districts
Date of Launch
Order
0
Highlight
২০২২ চনৰ ভিতৰত সকলোকে ঘৰ প্রদান কৰাই হৈছে আঁচনিখনৰ উদ্দেশ্য
পৰিয়ালৰ সৰ্বমুঠ আয় ২০ লাখত কৈ কম হোৱাটো অনিবার্য্য
আঁচনিখনৰ বাবে অসম চৰকাৰে অনলাইন আবেদন বিচাৰিছে
চৰকাৰে হোম লোনত ২.৫ লাখ টকা ৰাজসাহায্য প্রদান কৰিব
আবেদনকাৰীয়ে ৰাজসাহায্য সুতত হোম লোন লাভ কৰিব